Wednesday, August 15, 2012

Crucifixion / ক্ৰুছবিদ্ধ আই মোৰ

Freedom was promised
at the stroke of the midnight hour.
Inevitable was my birth
amid lightening riot of hope.
(and I was born free)

Then, they burnt my brush
the day I painted my sister 
crucified in South Delhi, 
and she was violated in love, in marriage.
(and I was born free)

Then, they ravaged my words
the day I wrote of children of nation enslaved
by capitalo-socialism, by empty stomach, 
by already "fixed" level playing field.
(and I was born free)

Then, they maimed my voice
the day I protested in million thunder
against tyranny, against female foeticide,
against corruption in politics,
corruption in criminal justice system,
corruption in my Mother’s milk
and I was born free!
................................................................

ক্ৰুছবিদ্ধ আই মোৰ

মাজনিশাই নিজৰ অস্তিত্ব ঘোষণা কৰিছিল,
আৰু স্বাধীনতাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল মোৰ আইক।
নিদ্ৰাত মগ্ন আঁউসীৰ মৰ্ত্য,
এয়েই সময় মোৰ জন্মৰ।
(মই স্বাধীনতা)

যি বুৰুজেদি মই মোৰ ভগ্নীৰ দুৰ্দশা আঁকিছিলো,
সেই বুৰুজক কুকুৰহঁতে জুই লগাই দিলে।
মোৰ ভন্তিক বাৰে বাৰে ধৰ্ষণ কৰা হৈছিল;
লাজঁপত নগৰত, 
প্ৰেমত, বিবাহত.....
(মই স্বাধীনতা)

মোৰ শব্দৰ সমাহৰণকো ধংস কৰিলে কুকুৰহঁতে।
যিদিনা মই ৰাষ্ট্রৰ অৰ্ধনগ্ন শিশুবোৰৰ কথা লিখিছিলো,
গোলাম সিইঁত পুঁজি-সমাজবাদৰ, পেটৰ ভোকৰ,
আৰু পূৰ্ব-নিৰ্ধাৰিত তথাকথিত প্ৰতিযোগিতা বোৰৰ।
(মই স্বাধীনতা)

তাৰপিছত, কুকুৰহঁতে মোৰ কন্ঠক চিৰপংগু কৰিলে।
যিদিনা মই সহশ্ৰ কন্ঠেৰে চিঞৰি উঠিছিলো,
ৰাষ্ট্রৰ অন্যায়ৰ বিৰুদ্ধে,শিশু কন্যাৰ ভ্রূণ হত্যাৰ বিৰুদ্ধে,
ৰাজনীতিত, দণ্ডবিধি ন্যায়াধীশত ভ্ৰষ্টাছাৰৰ বিৰুদ্ধে, 
আৰু মোৰ আইৰ গাখিৰত দুৰ্নীতিৰ বিৰুদ্ধে।
মই স্বাধীনতা আছিলো।